প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে ন্যায়াধীশ সৌমিত্র শইকীয়াৰ নেতৃত্বত গঠন কৰা এজনীয়া ন্যায়িক আয়োগে এই ঘটনা সম্পৰ্কত তথ্য সংগ্ৰহৰ বাবে ৰাজহুৱা জাননী জাৰি কৰিছে। সেই অনুসৰি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কোনো লোকৰ হাতত কোনো তথ্য থাকিলে তেওঁলোকে শপতনামাৰ জৰিয়তে এই তথ্য আয়োগক জনাব পাৰিব। গুৱাহাটীৰ চানমাৰিৰ খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডৰ কাৰ্যালয়ত থকা আয়োগৰ কাৰ্যালয়ত অহা ৩ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰৰ দিনৰ চাৰে ১০ বজাৰ পৰা বিয়লি চাৰি বজাৰ ভিতৰত এনে তথ্য সম্বলিত শপতনামা দাখিল কৰিব পৰা যাব বুলি এখন চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে।
Assamese | October 17, 2025 7:14 PM | Justice for jubeen garg
জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত সম্পৰ্কত তথ্য সংগ্ৰহৰ বাবে ৰাজহুৱা জাননী জাৰি