November 18, 2025 7:41 PM | Birthday | Jubin garg

printer

জুবিন গাৰ্গৰ ৫৩ সংখ্যক ওপজা দিন উপলক্ষে সমগ্ৰ ৰাজ্যতে বিভিন্ন কাৰ্যসূচীৰ আয়োজন

জনতাৰ শিল্পী জুবিন গাৰ্গৰ আজি ৫৩ সংখ্যক ওপজা দিন। এই উপলক্ষে সমগ্ৰ ৰাজ্যতে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

প্রিয় শিল্পীগৰাকীৰ অবৰ্তমানত আজি তেওঁৰ অগণন অনুৰাগীয়ে তেওঁৰ ওপজা দিনটো পালন কৰি তেওঁৰ অস্তিত্বক মূৰ্ত কৰি তুলিছে। সোণাপুৰৰ কমাৰকুছিৰ জুবিন ক্ষেত্ৰত পুৱা ৰক্তদান শিবিৰ, নাম-প্ৰসংগ, নাহৰ পুলি ৰোপণ আৰু বিয়লি ৫ হাজাৰ গচি বন্তি প্ৰজ্বলন কৰা হৈছে। জুবিন ক্ষেত্ৰত ৫০০ আকাশবন্তিও প্রজ্বলন কৰা হব। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান, ভাওনাকে ধৰি বিভিন্ন কার্যসূচী অনুষ্ঠিত হব।

জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিতি বাসগৃহৰ চৌহদত শিল্পীগৰাকীৰ এটা আবক্ষমূর্তি উন্মোচন কৰা হয়। শিল্পীগৰাকীৰ পত্নী গৰিমা গাৰ্গ, শিল্পীগৰাকীৰ পিতৃ মোহিনী মোহন বৰঠাকুৰৰ লগতে বিভিন্ন দল-সংগঠন তথা স্থানীয় জনসাধাৰণ এই কাৰ্যসূচীত উপস্থিত থাকে। আনহাতে, গুৱাহাটী বিশ্ববিদ্যালয়ত শিল্পীগৰাকীৰ স্মৃতিত এটা প্রতিমূর্তি স্থাপন কৰা হব।

আজি বিটিচিৰ মুৰববী হাগ্রামা মহিলাৰীয়ে কোকৰাঝাৰ জিলাৰ গৌৰাং নৈৰ পাৰৰ চান্দামাৰীত ৩০ বিঘা ভূমি সামৰি নির্মাণ হবলগীয়া জুবিন গাৰ্গ উদ্যানৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ লগতে গৌৰাং নৈৰ পাৰত বিটিআৰৰ পাঁচখন জিলাৰ প্ৰায় ২৫ হাজাৰ শিল্পী আৰু অনুৰাগীয়ে অসমীয়া আৰু বড়ো ভাষাত মায়াবিনী গীতটি পৰিৱেশন কৰে।

বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্রামা মহিলাৰীয়ে জুবিন গাৰ্গক তেওঁৰ এগৰাকী বিশিষ্ট বন্ধু বুলি অভিহিত কৰে আৰু শিল্পীগৰাকীয়ে অধ্যয়ন কৰা তামুলপুৰ আৰু বিজনীৰ হাইস্কুল দুখনক সর্বাঙ্গসুন্দৰ কৰি তোলা হব বুলি ঘোষণা কৰে।

বিজেপিয়ে আজি ৰাজ্যৰ ৫৩ খন স্থানত শিল্পীগৰাকীৰ সোঁৱৰণত ৰক্তদান শিবিৰৰ আয়োজন কৰে। লণ্ডনৰ পৰা উভতি অহা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি খানাপাৰা খেলপথাৰত আয়োজিত শিবিৰত ৰক্তদান কৰে। বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়াই এই ৰক্তদান শিবিৰ মুকলি কৰাৰ লগতে ৰক্তদান কৰে। এই শিবিৰত ভালেমান অনুৰাগী তথা দলটোৰ নেতা-কর্মীয়ে ৰক্তদান কৰে।

সদৌ অসম ছাত্র সন্থাই আজি বিভিন্ন জিলাত জুবিন গাৰ্গৰ জন্মদিন পালনৰ সৈতে সংগতি ৰাখি শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায় বিচাৰি মানৱ শৃংখল উলিয়ায়। শিৱসাগৰ জিলা ছাত্ৰ সন্থাইও আজি নগৰৰ হাস্পতাল ৰোডত মানৱ শৃংখল কার্যসূচী ৰূপায়ণ কৰে।

গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ চৌহদতো আজি নাহৰ পুলি ৰোপণ কৰাৰ লগতে আৰু শিল্পীগৰাকীৰ মহান সৃষ্টি মায়াবিনী গীতটো প্ৰচাৰ ভাৰতীৰ বিষয়া কৰ্মচাৰীসকলে পৰিবেশন কৰে।