January 23, 2026 6:37 PM

views 86

সমগ্র দেশত আজি পৰাক্ৰম দিৱস পালন

 নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৯ সংখ্যক জন্মবার্ষিকীৰ লগত সংগতি ৰাখি সমগ্র দেশত আজি পৰাক্ৰম দিৱস পালন কৰা হয়। অসমৰ বিভিন্ন স্থানতো নেতাজীৰ সোঁৱৰণত বিভিন্ন কার্যসূচী অনুষ্ঠিত হয়। গুৱাহাটীৰ পল্টন বজাৰৰ নেতাজী চ'কত আজি সদৌ অসম নেতাজী সুভাষ চন্দ্র বসু জন্মদিন উদযাপন সমিতিৰ উদ্যোগত মহান স্বাধীনতা যুঁজাৰুগৰাকীৰ ১৩০ সংখ্যক জন্মদিন উদযাপন কৰা হয়। অনুষ্ঠানত মন্ত্রী জয়ন্ত মল্লবৰুৱাই মুখ্য অতিথি হিচাপে অংশ লৈ নেতাজীৰ প্ৰতিমূৰ্তিত শ্রদ্ধা নিবেদন কৰে। মন্ত্ৰীগৰাকীয়ে ভাৰতক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰাৰ বাবে আজাদ ...

November 18, 2025 7:41 PM

views 63

জুবিন গাৰ্গৰ ৫৩ সংখ্যক ওপজা দিন উপলক্ষে সমগ্ৰ ৰাজ্যতে বিভিন্ন কাৰ্যসূচীৰ আয়োজন

জনতাৰ শিল্পী জুবিন গাৰ্গৰ আজি ৫৩ সংখ্যক ওপজা দিন। এই উপলক্ষে সমগ্ৰ ৰাজ্যতে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। প্রিয় শিল্পীগৰাকীৰ অবৰ্তমানত আজি তেওঁৰ অগণন অনুৰাগীয়ে তেওঁৰ ওপজা দিনটো পালন কৰি তেওঁৰ অস্তিত্বক মূৰ্ত কৰি তুলিছে। সোণাপুৰৰ কমাৰকুছিৰ জুবিন ক্ষেত্ৰত পুৱা ৰক্তদান শিবিৰ, নাম-প্ৰসংগ, নাহৰ পুলি ৰোপণ আৰু বিয়লি ৫ হাজাৰ গচি বন্তি প্ৰজ্বলন কৰা হৈছে। জুবিন ক্ষেত্ৰত ৫০০ আকাশবন্তিও প্রজ্বলন কৰা হ'ব। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান, ভাওনাকে ধৰি বিভিন্ন কার্যসূচী অনুষ্ঠিত হ'ব। জুবিন গাৰ্গৰ কাহিলীপাৰাস্থি...