প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আজি গোৱালপাৰা চহৰৰ সংগম নাট্যগোষ্ঠীৰ প্ৰাংগণত জুবিন গাৰ্গ স্মৃতি সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে সৰ্বধর্ম প্রার্থনা সভাৰ আয়োজন কৰা হৈছে। পুৱা প্রভাত ফেৰীৰে এই কাৰ্যসূচী আৰম্ভ হয়। দিনৰ ভাগৱত, কোৰাণ আৰু বাইবেল পাঠৰ লগতে নাম-প্ৰসংগ কৰা হ’ব। সন্ধিয়া সমূহীয়া বস্তি প্রজ্বলন আৰু শিল্পীগৰাকীৰ দৃশ্য-শ্রব্য অনুষ্ঠান প্ৰদৰ্শন কৰা হ’ব।
Assamese | October 4, 2025 1:00 PM | Jubin Garg Death
গোৱালপাৰাত জুবিন গাৰ্গ স্মৃতি সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে সৰ্বধর্ম প্রার্থনা সভাৰ আয়োজন