অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ খাদ্য, বিজ্ঞান আৰু পৰিপুষ্টি বিভাগৰ উদ্যোগত আজিৰে পৰা খাদ্য সমৃদ্ধিকৰণক বিষয়বস্তু হিচাপে লৈ এখন ৰাষ্ট্ৰীয় সন্মিলন আৰম্ভ হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত দুদিনীয়া এই সন্মিলনৰ শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচার্য ডº বিদ্যুৎ চন্দন ডেকাই সু-স্বাস্থ্যৰ বাবে সমৃদ্ধ খাদ্যভাষৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানটোত ভাৰতৰ খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষৰ কাৰ্যবাহী সঞ্চালক ঈনশ্বী শৰ্মাই ভাৰতত খাদ্য পৰিপুষ্টিৰ প্ৰেক্ষাপটত পুষ্টিহীনতা আৰু ইয়াৰ বাবে চৰকাৰে গ্ৰহণ কৰা কাৰ্যসূচীৰ বিষয়ে আলোকপাত কৰে।
Assamese | November 5, 2024 7:12 PM | Jorhat
অসম কৃষি বিশ্ববিদ্যালয়ত খাদ্য সমৃদ্ধিকৰণ বিষয়ক ৰাষ্ট্ৰীয় সন্মিলন আৰম্ভ