যোৰহাট জিলা পুথিভঁৰালৰ পীতাম্বৰ দেৱগোস্বামী প্ৰেক্ষাগৃহত আজি জিলাখনৰ দিব্যাংগসকলক বিনামূলীয়া সামগ্ৰী বিতৰণ কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ৰ বিশেষভাৱে সক্ষম ব্যক্তি সৱলীকৰণ বিভাগৰ তত্বাৱধানত কাম কৰা ৰাজহুৱা খণ্ডৰ উদ্যোগ আলিমক’ৰ পৃষ্ঠপোষকতাত ১০১জন দিব্যাংগক উন্নত মানৰ বেটাৰীচালিত ট্ৰাই চাইকেল, হুইল চেয়াৰ, কাণেৰে শুনা যন্ত্ৰ, ষ্টীলৰ পেং আদি বিতৰণ কৰা হয়। অনুষ্ঠানত বিধায়ক হিতেন্দ্র নাথ গোস্বামী, ভাস্কৰ বৰুৱা আৰু ৰূপজ্যোতি কুৰ্মীয়ে সামগ্ৰীসমূহ বিতৰণ কৰে। যোৰহাট জিলাৰ সাতটা সংহত শিশু উন্নয়ন প্রকল্পত মুঠ এহেজাৰ ৩১৫ গৰাকী দিব্যাংগক প্ৰায় ৬৫ লাখ টকাৰ সামগ্ৰী বিনামূলীয়াকৈ বিতৰণৰ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি আকাশবাণীৰ যোৰহাটৰ সংবাদদাতাই জানিবলৈ দিছে।
Assamese | November 22, 2024 6:56 PM | Jorhat
যোৰহাট জিলা পুথিভঁৰালত আজি জিলাখনৰ দিব্যাংগসকলক বিনামূলীয়া সামগ্ৰী বিতৰণ