যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে নাবাৰ্ডৰ সহযোগত আয়োজন কৰা জলবায়ু সহনশীল কৃষি বনানীকৰণ আৰু জীৱিকা শীর্ষক তিনিদিনীয়া প্রশিক্ষণ কর্মশালাৰ আজি সামৰণি পৰে। প্ৰতিষ্ঠানটোৰ জ্যেষ্ঠ বিজ্ঞানী ৰাজীৱ কুমাৰ কলিতাৰ সঞ্চালনাত অনুষ্ঠিত এই কর্মশালাত পাঁচখন ৰাজ্যৰ ৩০ জন প্রশিক্ষার্থীয়ে অংশগ্রহণ কৰে। কর্মশালাত পৰিৱৰ্তিত জলবায়ুত কৃষি বনানীকৰণ আৰু জীৱিকাৰ বিভিন্ন বিষয় সন্দর্ভত কেইবাগৰাকী সমল ব্যক্তিয়ে প্রশিক্ষণ দিয়ে। প্ৰশিক্ষণৰ ক্ষেত্ৰভিত্তিক কাৰ্য্যসূচীৰ অংশ হিচাপে প্রশিক্ষার্থীসকলক যোৰহাটৰ কেন্দ্ৰীয় মুগা-এৰী গৱেষণা প্ৰতিষ্ঠান, অসম কৃষি বিশ্ববিদ্যালয় আৰু উত্তৰ-পূব বিজ্ঞান আৰু প্রযুক্তিবিদ্যা প্রতিষ্ঠান ভ্রমণ কৰোৱা হয়।
Assamese | December 19, 2025 6:49 PM | Jorhat
যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত আয়োজন কৰা জলবায়ু সহনশীল কৃষি বনানীকৰণ আৰু জীৱিকা শীর্ষক প্রশিক্ষণ কর্মশালাৰ সামৰণি