যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে সৰ্বভাৰতীয় কুঁহিয়াৰ গৱেষণা প্ৰকল্পৰ বাৰ্ষিক কর্মশালা অনুষ্ঠিত হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ কুঁহিয়াৰ, ঔষধী আৰু সুগন্ধী উদ্ভিদ গৱেষণা কেন্দ্ৰৰ তত্বাৱধানত আয়োজিত এই কর্মশালাত দেশৰ বিভিন্ন প্ৰান্তৰ দুই শতাধিক কৃষি বিজ্ঞানী আৰু প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। আজিৰ কাৰ্যসূচীত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ উপ-সঞ্চালকপ্রধান ড০ ডি কে যাদৱে মুখ্য অতিথি হিচাপে ভার্চুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ কৰে। ড০ যাদৱে ক্ষেত্র বিশেষে কৃষকৰ অসুবিধাসমূহৰ প্ৰতি লক্ষ্য সঠিক পৰিকল্পনা আৰু কৌশলগত পদ্ধতি প্রয়োগ কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত অংশ লৈ সৰ্বভাৰতীয় কুঁহিয়াৰ প্ৰকল্পৰ সমন্বয়ক ড০ দিনেশ সিঙে নতুন কৃষি প্রযুক্তিৰ ব্যৱহাৰেৰে কুঁহিয়াৰ খেতিৰ উৎপাদন বৃদ্ধিৰ সন্দৰ্ভত বক্তব্য আগবঢ়ায়।
Assamese | November 27, 2025 8:08 PM | Jorhat
অসম কৃষি বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে সৰ্বভাৰতীয় কুঁহিয়াৰ গৱেষণা প্ৰকল্পৰ বাৰ্ষিক কর্মশালা অনুষ্ঠিত