দেশৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটতো জিলা প্ৰশাসনৰ সহযোগত জিলা কৃষি বিভাগে কৃষক পঞ্জীয়ন কাৰ্যসূচী অব্যাহত ৰাখিছে। জিলাখনৰ বিভিন্ন পঞ্চায়ত পৰ্যায়ত কৃষক পঞ্জীয়ন শিবিৰ সম্পন্ন হোৱাৰ পাছত সম্প্রতি জিলা কৃষি বিষয়াৰ কাৰ্যালয় আৰু সাধাৰণ সেৱা কেন্দ্ৰসমূহত এই প্রক্রিয়া চলি আছে। উল্লেখযোগ্য যে প্রধানমন্ত্রী কৃষক সন্মান নিধিকে ধৰি বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা গ্ৰহণৰ বাবে এই কৃষক পঞ্জীয়নৰ প্ৰয়োজন হয়।
Assamese | June 10, 2025 1:06 PM | Jorhat
যোৰহাট জিলা প্ৰশাসনৰ সহযোগত জিলা কৃষি বিভাগৰ কৃষক পঞ্জীয়ন কাৰ্যসূচী অব্যাহত