যোৰহাট জিলাআয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা আয়ুক্তৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। সভাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই জিলাখনৰ বিশিষ্ট নাগৰিকসকললৈ প্ৰেৰণ কৰা বিহু শুভেচ্ছা বিতৰণ সন্দৰ্ভত আৰু সমাগত পঞ্চায়ত নিৰ্বাচনৰ বিভিন্ন দিশ সম্পর্কে বিতংভাৱে আলোচনা কৰা হয়। সভাত জিলাখনৰ বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়িত হৈ থকা আঁচনি সন্দৰ্ভতো জিলা আয়ুক্তগৰাকীয়ে বিষয়াসকলৰ সৈতে পর্যালোচনা কৰে। জিলা উন্নয়ন আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অতিৰিক্ত জিলা আয়ুক্ত সহ আন আন প্রশাসনীয় বিষয়াসকল সভাত উপস্থিত থাকে।
Assamese | March 21, 2025 7:56 PM | Jorhat
যোৰহাট জিলাআয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা আয়ুক্তৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত