গুৱাহাটীত হ’বলগীয়া এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সৈতে সংগতি ৰাখি ৰাজ্য চৰকাৰে অহা ২৪ ফেব্ৰুৱাৰীত ঝুমুৰ নৃত্যৰ সৰ্ববৃহৎ অনুষ্ঠানৰ আয়োজন কৰিছে। ইয়াৰ বাবে যোৱা ২৮ জানুৱাৰীৰ পৰা বিধানসভা সমষ্টি ভিত্তিত চলা ঝুমুৰ নৃত্যৰ প্ৰশিক্ষণৰ কালি সামৰণি পৰে। এই উপলক্ষে কালি গোলাঘাট জিলাৰ বোকাখাট বিধানসভা সমষ্টিত আয়োজিত প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত জ্যেষ্ঠ মন্ত্ৰী বিমল বৰা উপস্থিত থাকে। উল্লেখযোগ্য যে অসমৰ সমাজ, অর্থনীতি আৰু সংস্কৃতিলৈ চাহ জনগোষ্ঠীয় লোকসকলে আগবঢ়োৱা অৱদানৰ প্ৰতি সন্মান জনাই সাত হাজাৰ ৫০০ৰো অধিক শিল্পীক লৈ ঝুমুৰ নৃত্য পৰিৱেশনৰ দিহা কৰা হৈছে
Assamese | February 1, 2025 1:05 PM | jhumur record assam
অহা ২৪ ফেব্ৰুৱাৰীত ঝুমুৰ নৃত্যৰ সৰ্ববৃহৎ অনুষ্ঠান, সমষ্টিভিত্তিক নৃত্য প্ৰশিক্ষণৰ সামৰণি