February 20, 2025 7:25 PM

views 66

‘ঝুমইৰ বিনন্দিনী’ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে ভিন্ন জিলাৰ পৰা শিল্পীৰ দল গুৱাহাটীলৈ ৰাওনা

গুৱাহাটীৰ সৰুসজাইত অহা ২৪ ফেব্ৰুৱাৰীত হ’বলগীয়া ‘ঝুমইৰ বিনন্দিনী’ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে চৰাইদেউ জিলাৰ পৰা শিল্পীৰ দল ৰাওনা হৈছে। আজি পুৱা মৰাণ মহাবিদ্যালয় আৰু সোণাৰি ৰাজহুৱা খেলপথাৰৰ পৰা শিল্পীৰ দলটো বাছযোগে গুৱাহাটীলৈ ৰাওনা হয়। এই উপলক্ষে জিলা আয়ুক্ত ডাঃ নেহা যাদৱে অংশগ্ৰহণকাৰীসকলক উদ্দেশ্যে শুভেচ্ছামূলক বক্তব্য ৰাখে। ৰাজ্যৰ আন আন জিলাৰ লগতে যোৰহাট আৰু বিশ্বনাথৰ পৰাও ঝুমুৰ নৃত্যশিল্পীৰ দল গুৱাহাটীলৈ ৰাওনা হৈছে। যোৰহাট জিলাৰ পৰা মুঠ ৮২৫ গৰাকী নৃত্যশিল্পী ঝুমইৰ বিনন্দিনী কাৰ্যসূচীত অংশগ্ৰহ...

February 11, 2025 7:39 PM

views 75

২৪ ফেব্ৰুৱাৰীত ৮ সহস্রাধিক শিল্পীৰ অংশগ্রহণেৰে ‘ঝুমুইৰ বিনন্দিনী’ কাৰ্যসূচী

বিনিয়োগ আৰু আন্তঃগাথনি সন্মিলন এডভান্টেজ আচামৰ দ্বিতীয় সংস্কৰণৰ অংশ হিচাপে ৮ সহস্রাধিক শিল্পীৰ অংশগ্রহণেৰে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অহা ২৪ ফেব্ৰুৱাৰীত হ'বলগীয়া ঝুমুইৰ বিনন্দিনী কাৰ্যসূচীৰ বাবে জিলাই জিলাই ব্যাপক প্রস্তুতি চলিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অনুষ্ঠান উপভোগ কৰিব। অনুষ্ঠানৰ প্ৰস্তুতি পর্যালোচনাৰ বাবে ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰীয়ে প্ৰতিদিনে আখৰা চলি থকা জিলাসমূহ ভ্ৰমণ কৰিছে। অনুষ্ঠানত অংশলবলগীয়া কাছাৰ, হাইলাকাণ্ডি আৰু শ্ৰীভূমি জিলাৰ মণ্ডল ভিত্তিক শিল্পীসকলৰ ঝুমুৰ নৃত্য...

February 1, 2025 1:05 PM

views 79

অহা ২৪ ফেব্ৰুৱাৰীত ঝুমুৰ নৃত্যৰ সৰ্ববৃহৎ অনুষ্ঠান, সমষ্টিভিত্তিক নৃত্য প্ৰশিক্ষণৰ সামৰণি

গুৱাহাটীত হ'বলগীয়া এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সৈতে সংগতি ৰাখি ৰাজ্য চৰকাৰে অহা ২৪ ফেব্ৰুৱাৰীত ঝুমুৰ নৃত্যৰ সৰ্ববৃহৎ অনুষ্ঠানৰ আয়োজন কৰিছে। ইয়াৰ বাবে যোৱা ২৮ জানুৱাৰীৰ পৰা বিধানসভা সমষ্টি ভিত্তিত চলা ঝুমুৰ নৃত্যৰ প্ৰশিক্ষণৰ কালি সামৰণি পৰে। এই উপলক্ষে কালি গোলাঘাট জিলাৰ বোকাখাট বিধানসভা সমষ্টিত আয়োজিত প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত জ্যেষ্ঠ মন্ত্ৰী বিমল বৰা উপস্থিত থাকে। উল্লেখযোগ্য যে অসমৰ সমাজ, অর্থনীতি আৰু সংস্কৃতিলৈ চাহ জনগোষ্ঠীয় লোকসকলে আগবঢ়োৱা অৱদানৰ প্ৰতি সন্মান জনাই সাত হাজাৰ ৫০০...