ঝাৰখণ্ড বিধানসভাৰ আসন্ন নির্বাচনত মুঠ এহেজাৰ ২১১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাটো নিশ্চিত হৈছে। ৰাজ্যখনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কালি মনোনয়ন পত্ৰ প্ৰত্যাহ্বাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। ৰাজ্যখনৰ ৮১ জনীয়া বিধানসভাৰ বাবে এইবেলি দুটা পৰ্যায়ত ভোটগ্রহণ অনুষ্ঠিত হ‘ব। ১৩ নৱেম্বৰত হ‘বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৪৩টা সমষ্টি সামৰি লোৱা হ‘ব। প্ৰথম পৰ্যায় বাবে ৬৮৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। একেদৰে ২০ নৱেম্বৰত হ‘বলগীয়া দ্বিতীয় পৰ্যায়ত ৩৮টা সমষ্টিত ভোটগ্ৰহণ কৰা হ‘ব। এই সমষ্টিকেইটাৰ বাবে কালি মনোনয়ন পত্র প্রত্যাহাৰৰ পাছত ৫২৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাটো নিশ্চিত হয়। ২৩ নৱেম্বৰত ভোটগণনা কৰা হ‘ব ।
Assamese | November 2, 2024 12:25 PM | Jharkhand
ঝাৰখণ্ড বিধানসভাৰ বাবে ১,২১১ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা নিশ্চিত