জার্মানীৰ ৰাষ্ট্ৰপতি ফ্ৰেংক ৱাল্টাৰ ষ্টেইমাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ বৈদেশীক নীতিক কঠোৰভাৱে সমালোচনা কৰিছে। শ্রী ষ্টেইমাৰে কয়, যে ডোনাল্ড ট্রাম্পৰ পূর্বে গোলকীয় গণতন্ত্রত কেতিয়াও আঘাত সনা নাছিল। বিশেষ সূত্র অনুসৰি ভেনিজুবেলাৰ ৰাষ্ট্ৰপতি নিকোলাচ মাড়ুৰোৰ বিৰুদ্ধে চলোৱা অভিযানৰ পাছত তেওঁ এই মন্তব্য কৰে। ৰাছিয়াই ক্রিমিয়াত কৰা অবৈধ দখল আৰু ইউক্রেইনৰ সৈতে সংঘাত অব্যাহত ৰখাৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হস্তক্ষেপক ৰাষ্ট্ৰপতি ষ্টেইমাৰে এটা ঐতিহাসিক ভুল সিদ্ধান্ত বুলি মন্তব্য কৰিছে। তেওঁ কয়, যে এই পৰিস্থিতিৰ অৱসানৰ বাবে এটা উপযুক্ত হস্তক্ষেপৰ আৱশ্যেকতা আছে। তেওঁ সমগ্র বিশ্ব সুৰক্ষাৰ দিশত ব্রাজিল আৰু ভাৰতৰ লগতে আন দেশসমূহ আগবাঢ়ি অহা উচিত।
Assamese | January 8, 2026 8:16 PM | Donald Trump
ডোনাল্ড ট্রাম্পৰ বৈদেশীক নীতিক কঠোৰভাৱে সমালোচনা ফ্ৰেংক ৱাল্টাৰ ষ্টেইমাৰৰ