উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ কালি উত্তৰাখণ্ডৰ উধম সিং নগৰ জিলাৰ গোবিন্দ বল্লভ পন্ত কৃষি আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় পৰিদৰ্শন কৰে। তেওঁ কৃষকসকলে প্রযুক্তিগত উন্নতিক আকোৱালি লোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু কৃষি সম্পৰ্কীয় উদ্যোগসমূহৰ সৈতে অত্যাধুনিক প্রযুক্তিবিদ্যা সংযোগ কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে । উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ইয়াৰ পূৰ্বে নাইনীতাল জিলাৰ বাবা নিম কৰোৰী আশ্ৰম পৰিদৰ্শন কৰে । তেওঁ কয় যে ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য বিশ্বজুৰি অতুলনীয়। তেওঁ সমসাময়িক বিশ্বজনীন প্রত্যাহ্বানসমূহ মোকাবিলা কৰাত ভাৰতীয় সংস্কৃতিৰ গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভতো আলোকপাত কৰে।
Assamese | May 31, 2024 11:51 AM | Jagdeep Dhankhar
গোবিন্দ বল্লভ পন্ত কৃষি আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় পৰিদৰ্শন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ