উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসম আৰু মেঘালয়লৈ আহিব। ভ্রমণকালত শ্রী ধনখড়ে মুখ্য অতিথি হিচাপে শ্বিলঙৰ মাওদিয়াংদিয়াঙত মেঘালয় দক্ষতা আৰু উদ্ভাৱন কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে শ্বিলঙৰ তথ্য প্ৰযুক্তি উদ্যান আৰু ৰাজভৱন পৰিদৰ্শন কৰিব আৰু মুখ্যমন্ত্ৰী তথা অন্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হ‘ব।
Assamese | October 15, 2024 5:58 PM | Jagdeep Dhankhar
দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অসম আৰু মেঘালয়লৈ আহিব জগদীপ ধনখড়