কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস উপলক্ষে নতুন দিল্লীত ৰাষ্ট্ৰীয় দূৰসংযোগ মানসিক স্বাস্থ্য কাৰ্যসূচীৰ বাবে টেলি মানস এপকে ধৰি কেইবাটাও নতুন উদ্যম মুকলি কৰে। ন-ৰূপত সজাই তোলা টেলিমানস এপত জৰুৰী পৰিস্থিতিত দিহা-পৰামৰ্শ আগবঢ়োৱাৰ বাবে জৰুৰীকালীন মডিউল আৰু এপৰ সৈতে জড়িত লোকসকলক বহুভাষী ব্যৱহাৰকাৰী ইণ্টাৰফেচ ছেট বোটৰ সুবিধা প্ৰদান কৰা হৈছে। টেলিমানস এপ এতিয়াৰে পৰা ইংৰাজী আৰু হিন্দী ভাষাৰ উপৰি ১০টা আঞ্চলিক ভাষাতো উপলব্ধ হ’ব। এই উপলক্ষে শ্রীনাড্ডাই কয় যে মানসিক স্বাস্থ্যসেৱাৰ বাবে ন্যায়সংগত, বহনক্ষম আৰু সকলোৰে বাবে সহজলভ্য কৰি তুলিবলৈ ভাৰত প্রতিশ্রুতিবদ্ধ। তেওঁ কয় যে টেলিমানস এপৰ নতুন বৈশিষ্ট্যসমূহৰ শুভাৰম্ভ কৰি চৰকাৰে মানসিক স্বাস্থ্যজনিত জৰুৰীকালীন অৱস্থাৰ ফলপ্ৰসূভাবে সমাধান কৰা আৰু দেশৰ প্ৰতিটো কোণত ডিজিটেল উদ্ভাৱনৰ সম্প্ৰসাৰণৰ প্ৰতি প্ৰস্তুতি সুদৃঢ় কৰি তুলিছে। টেলিমানস সন্দর্ভত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে ২০টাৰো অধিক ভাষাত প্রশিক্ষিত পৰামৰ্শদাতাৰ জৰিয়তে এই এপৰ জৰিয়তে প্রায় ২৮ লাখ লোকৰ সমস্যা সমাধান কৰা হৈছে।
Assamese | October 10, 2025 8:44 PM | J P Nadda
বিশ্ব মানসিক স্বাস্থ্য দিৱস উপলক্ষে নতুন দিল্লীত কেইবাটাও নতুন উদ্যম মুকলি