কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই কৈছে যে দেশে বর্তমান সকলো নাগৰিকৰ বাবে সুলভ আৰু সম পৰ্যায়ৰ স্বাস্থ্য সুবিধা উপলব্ধ কৰাৰ উদ্দেশ্যৰ লক্ষ্য প্রাপ্তিৰ দিশে সুন্দৰভাৱে আগবাঢ়িবলৈ সক্ষম হৈছে। মন্ত্ৰীজনে কয়, যে এক লাখ ৭৭ হাজাৰ আয়ুষ্মান আৰোগ্য মন্দিৰে স্বাস্থ্য বিভাগৰ সুবিধাসমূহ ভাৰতবৰ্ষৰ নাগৰিকসকললৈ আগবঢ়াই আনিছে তথা ই-সঞ্জীৱনী আৰু টেলি মানসৰ দৰে এপসমূহৰ জৰিয়তে বিশেষজ্ঞ চিকিৎসকৰ চিকিৎসা পৰামৰ্শ ৰাইজৰ কাষ চপাই আনিছে। এখন দৈনিক বাতৰি কাকতৰ এটা লেখাৰ জৰিয়তে শ্ৰীনাড্ডাই লগতে মিছন ইন্দ্ৰধনুষৰ জৰিয়তে ৫ কোটি ৪৬ লাখ শিশু আৰু এক কোটি ৩২ লাখ গৰ্ভৱতী মহিলাক প্রতিষেধক প্ৰদান কৰাৰ বিষয়ে জানিবলৈ দিছে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, ৰাষ্ট্ৰসংঘৰ মেটাৰনিটি ম’ৰটেলিটি এছটিমেছন ইণ্টাৰ এজেন্সী গ্ৰুপ ৰেকৰ্ডৰ তথ্য মতে ভাৰতত মাতৃৰ মৃত্যুৰ হাৰ প্ৰায় ৮৬ শতাংশলৈ হ্ৰাস পাইছে যিটো পৃথিৱীৰ অন্য দেশৰ ৪৮ শতাংশৰ তুলনাত দুগুণ। মন্ত্ৰীজনে লগতে জনাই যে যোৱা এঘাৰ বছৰত ভাৰতৰ স্বাস্থ্য সেৱাই বিশ্বৰ দৰবাৰত স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত এক সুদৃঢ় ভেটি স্থাপন কৰিবলৈ সক্ষম হৈছে।
Assamese | July 7, 2025 8:24 PM | J P Nadda
দেশে সকলো নাগৰিকৰ বাবে সুলভ আৰু সম পৰ্যায়ৰ স্বাস্থ্য সুবিধা উপলব্ধ কৰাত সফল হৈছে বুলি জে পি নাড্ডাৰ প্ৰকাশ