আই পি এল ক্রিকেট প্রতিযোগিতাৰ দুখন খেল গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অহা ১৫ আৰু ১৯ মে’ত অনুষ্ঠিত হ’ব। ১৫ মে’ত সন্ধিয়া ৭.৩০ বজাত ৰাজস্থান ৰয়েলছ পাঞ্জাব কিংছৰ আৰু ১৯ মে’ত দলটো কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগে খেলি থকা ৰাজস্থান ৰয়েলছ দলৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰৰ উপস্থিতত আজি বি চি চি আইৰ যুটীয়া সচিব দেৱজিত শইকীয়াই এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, খেল দুখনৰ বাবে অহা ১৩ মে’ত ৰাজস্থান ৰয়েলছ দলটো গুৱাহাটীত উপস্থিত হ’ব। সংবাদমেলত ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ শ্ৰীবৰঠাকুৰে অনাগত সময়ত গুৱাহাটীত আৰু অধিক খেল হ’ব বুলি আশা প্রকাশ কৰে। আনহাতে অনাগত সময়ত আই পি এলৰ দলসমূহত উত্তৰ-পূবৰ পৰা কমেও ২০ গৰাকী খেলুৱৈৱে অংশ লোৱাৰ বাবে পথ প্রসস্ত কৰাৰ তেওঁৰ পৰিকল্পনা আছে বুলিও শ্ৰীবৰঠাকুৰে জানিবলৈ দিয়ে।
Assamese | May 11, 2024 5:48 PM | Guwahati | IPL | IPL Cricket | IPL Highlights 2024
আই পি এলঃ বৰ্ষাপাৰা ষ্টেডিয়ামত ১৫ আৰু ১৯ মে’ত আই পি এলৰ দুখন খেল