April 10, 2024 12:30 PM | IPL Cricket | SPORTS

printer

আই পি এল ক্রিকেট প্রতিযোগিতাৰ খেলত পঞ্জাৱ কিংছৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দাবাদৰ ৰোমাঞ্চকৰ জয়লাভ

ছানৰাইজাৰ্ছ হায়দাবাদে যোৱানিশা চণ্ডীগড়ৰ মহাৰাজা যাদবেন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত পাঞ্জাব কিংছক ২ ৰানত পৰাস্ত কৰে। পাঞ্জাব কিংছে ১৮৩ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ১৮০ ৰানহে কৰিবলৈ সমৰ্থ হয়। পাঞ্জাৱৰ হৈ শশাংক সিঙে ২৫টা বলত ৪৬ ৰান কৰে। ইয়াৰ আগেয়ে ছানৰাইজাৰ্ছ হায়দাবাদে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৮২ ৰান কৰে। হায়দাবাদৰ হৈ নিতীশ ৰেড্ডীয়ে ৩৭টা বলত ৬৪ ৰান কৰে। পাঞ্জাবৰ অৰ্শদীপ সিঙে ৪টা উইকেট লাভ কৰে। নিতীশ ৰেড্ডীক প্লেয়াৰ অব দ্যা মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি জয়পুৰৰ ছৱাই মানসিং স্টেডিয়ামত হ’বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ সন্মুখীন হ’ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।