সমগ্ৰ বিশ্বই অনিশ্চয়তা আৰু অস্থিৰতাৰ সময় পাৰ কৰাৰ মাজতে ভাৰতে আত্মবিশ্বাস আৰু দৃঢ় সংকল্পৰে বিকাশৰ দিশত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আজি নীতি আয়োগৰ পৰিচালনা পৰিষদৰ একাদশ বৈঠকত অধ্যক্ষতা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে বিকশিত ভাৰতৰ দৰ্শন প্রাপ্তিৰ দিশত আগবঢ়াৰ লগে লগে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ সামূহিক দায়বদ্ধতাও বৃদ্ধি পাইছে। ৰাজ্যসমূহৰ মাজত সহযোগিতা, আলোচনা আৰু বিচাৰধাৰাৰ আদান-প্ৰদান হোৱা উচিত বুলি উল্লেখ কৰি শ্রীমোদীয়ে কয় যে এই ক্ষেত্ৰত নীতি আয়োগে এখন মঞ্চ হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।
প্রধানমন্ত্রী মোদীয়ে গুণগত মানৰ শিক্ষা, প্রয়োজনীয় দক্ষতা আৰু নিয়োগৰ সুযোগ প্ৰদানৰ জৰিয়তে দেশৰ যুৱচামৰ বাবে সঠিক পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলাটো মূলতঃ অগ্ৰাধিকাৰ হ’ব লাগে বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে বিকশিত ভাৰত নিৰ্মাণৰ যাত্ৰাত সবলীকৃত যুৱ চামে চালিকাশক্তি হিচাপে কাম কৰিব। ভাৰতে বিকাশ আৰু ৰপ্তানিৰ নতুন সুযোগ সৃষ্টিৰ বাবে কেইবাখনো দেশৰ সৈতে মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰিত কৰাৰ কথাও প্রধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
মহিলা নেতৃত্বাধীন বিকাশ বিকশিত ভাৰত দৰ্শনৰ এটা উল্লেখনীয় দিশ বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে মহিলাসকলৰ সম্ভাৱনীয়তা বিকশাই তোলা আৰু দেশৰ উন্নয়নৰ যাত্ৰাত ইন্ধন যোগোৱাৰ বাবে ৰাজ্যসমূহে মহিলাৰ শিক্ষা, দক্ষতা, নিৰাপত্তা আৰু সবলীকৰণত প্রাধান্য দিয়া উচিত।
আজিৰ বৈঠকত সমগ্ৰ দেশত উদ্যমশীলতা, দক্ষতা বিকাশ আৰু কৰ্ম সংস্থাপনৰ স্থায়ী সুযোগ সৃষ্টিৰ উপায় সম্পর্কে আলোচনা কৰা হৈছে। বৈঠকত দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপ-ৰাজ্যপালসকলে ভাগ লৈছে। সম্প্ৰতি দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাইও বৈঠকত অংশগ্ৰহণ কৰিছে।