June 11, 2026 9:40 PM
17
নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত নীতি আয়োগৰ পৰিচালনা পৰিষদৰ বৈঠক
সমগ্ৰ বিশ্বই অনিশ্চয়তা আৰু অস্থিৰতাৰ সময় পাৰ কৰাৰ মাজতে ভাৰতে আত্মবিশ্বাস আৰু দৃঢ় সংকল্পৰে বিকাশৰ দিশত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আজি নীতি আয়োগৰ পৰিচালনা পৰিষদৰ একাদশ বৈঠকত অধ্যক্ষতা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে বিকশিত ভাৰতৰ দৰ্শন প্রাপ্তিৰ দিশত আগবঢ়াৰ লগে লগে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ সামূহিক দায়বদ্ধতাও বৃদ্ধি পাইছে। ৰাজ্যসমূহৰ মাজত সহযোগিতা, আলোচনা আৰু বিচাৰধাৰাৰ আদান-প্ৰদান হোৱা উচিত বুলি উল্লেখ কৰি শ্রীমোদীয়ে কয় য...