নৌসেনা বাহিনীয়ে নাৱিকা সাগৰ পৰিক্ৰমা কাৰ্য্যসূচীৰ দ্বিতীয় সংস্কৰণৰ অধীনত ইণ্ডিয়ান নেভেল ছেইলিং ভেছেল তাৰিণীৰে বিশ্ব পৰিভ্ৰমণ সফলতাৰে সম্পন্ন কৰা দলটোক আদৰণি জনাবলৈ সাজু হৈছে। নৌসেনা বাহিনীয়ে এটা বিবৃতিযোগে কৈছে, যে এই পৰিক্ৰমা সম্পন্ন কৰি লেফটেনেণ্ট কমাণ্ডাৰ ৰূপা এ আৰু লেফটেনেণ্ট কমাণ্ডাৰ দিলনা কেই বৃহস্পতিবাৰে গোৱাত উপস্থিত হ’ব। সেইদিনা গোৱাৰ মমুগাঅ’ বন্দৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই উপলক্ষে আয়োজিত সমাৰোহত অধ্যক্ষতা কৰিব। এই অভিযান দেশৰ সামুদ্রিক প্রয়াসৰ প্ৰতীক, যিয়ে বিশ্বৰ সামুদ্রিক কাৰ্য্য-কলাপত দেশৰ উৎকৃষ্টতাৰ লগতে নাৰী শক্তিৰ প্ৰতি নৌসেনাৰ প্ৰতিশ্ৰুতিৱদ্ধতাক প্ৰদৰ্শন কৰে। এই অভিযানে সাহসী হৃদয় আৰু সীমাহীন সমুদ্ৰৰ আদৰ্শকো প্ৰতিফলিত কৰিছে।
Assamese | May 27, 2025 8:37 PM | Indian Navy
ইণ্ডিয়ান নেভেল ছেইলিং ভেছেল তাৰিণীৰে বিশ্ব পৰিভ্ৰমণ সম্পন্ন কৰা দলটোক আদৰণি জনাবলৈ সাজু নৌসেনা বাহিনী