ভাৰতে পেহেলগামত সংঘটিত শেহতীয়া আক্ৰমণৰ ঘটনাৰ সন্দৰ্ভত ভাৰতৰ বিৰুদ্ধে ভুল তথ্য প্ৰচাৰ কৰাৰ বাবে ডন নিউজ, ছামা টিভি, এৰি নিউজ, জিঅ নিউজ আদিকে ধৰি মুঠ ১৬টা পাকিস্তানী ইউটিউব চেনেলৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰিছে। ভাৰত, ভাৰতীয় সেনা বাহিনী আৰু নিৰাপত্তা সংস্থাসমূহৰ বিৰুদ্ধে উচটনিমূলক আৰু সাম্প্ৰদায়িকভাৱে স্পৰ্শকাতৰ বিষয়বস্তুৰে মিছাৰ আৰু বিভ্ৰান্তিকৰ বাতৰি প্ৰচাৰ কৰাৰ বাবে এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে। নিষেধাজ্ঞা আৰোপ কৰা ইউটিউব চেনেলসমূহৰ ছাবছক্ৰাইবাৰৰ সংখ্যা ৬ কোটি ৩০ লাখৰো অধিক আছিল বুলি জানিব পৰা গৈছে ৷ ইপিনে এই আক্রমণ সন্দৰ্ভত বিবিচিয়ে প্রকাশ বাতৰিত আপত্তি দৰ্শাই ভাৰতে বিবিচিৰ ভাৰতীয় মুৰব্বীলৈ আনুষ্ঠানিকভাৱে এখন পত্ৰ প্ৰেৰণ কৰিছে। বিদেশ মন্ত্ৰ্যালয়ে বিবিচিৰ বাতৰি নিৰীক্ষণ কৰিব বুলিও জানিব পৰা গৈছে।
Assamese | April 29, 2025 11:52 AM | India bans 16 Pakistani YouTube channels for spreading misinformation
পাকিস্তানৰ ১৬টা ইউটিউব চেনেলৰ বিৰুদ্ধে ভাৰতৰ নিষেধাজ্ঞা