April 29, 2025 11:52 AM

views 23

পাকিস্তানৰ ১৬টা ইউটিউব চেনেলৰ বিৰুদ্ধে ভাৰতৰ নিষেধাজ্ঞা

ভাৰতে পেহেলগামত সংঘটিত শেহতীয়া আক্ৰমণৰ ঘটনাৰ সন্দৰ্ভত ভাৰতৰ বিৰুদ্ধে ভুল তথ্য প্ৰচাৰ কৰাৰ বাবে ডন নিউজ, ছামা টিভি, এৰি নিউজ, জিঅ নিউজ আদিকে ধৰি মুঠ ১৬টা পাকিস্তানী ইউটিউব চেনেলৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰিছে। ভাৰত, ভাৰতীয় সেনা বাহিনী আৰু নিৰাপত্তা সংস্থাসমূহৰ বিৰুদ্ধে উচটনিমূলক আৰু সাম্প্ৰদায়িকভাৱে স্পৰ্শকাতৰ বিষয়বস্তুৰে মিছাৰ আৰু বিভ্ৰান্তিকৰ বাতৰি প্ৰচাৰ কৰাৰ বাবে এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে। নিষেধাজ্ঞা আৰোপ কৰা ইউটিউব চেনেলসমূহৰ ছাবছক্ৰাইবাৰৰ সংখ্যা ৬ কোটি ৩০ লাখৰো অধিক আছিল বুলি জানিব প...