ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দেশৰ উত্তৰ-পূব মধ্য, পূব আৰু পশ্চিম অঞ্চলৰ বিভিন্ন প্ৰান্তত অহা ৪ দিনত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশত আজিৰ দিনটোত প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ লগতে নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, বিহাৰ, ওড়িশা আৰু ঝাৰখণ্ডতো আজি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে মধ্য ভাৰত, কোংকন, গোৱা আৰু গুজৰাটত চলিত সপ্তাহটোত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ‘ব পাৰে। ইতিমধ্যে দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত যোৱানিশাৰে পৰা পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হৈ আছে। বৰষুণৰ ফলত ৰাষ্ট্ৰীয় ৰাজধানীখনৰ বিভিন্ন অঞ্চলত যান-বাহনৰ চলাচলতো অসুবিধাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।
Assamese | September 12, 2024 6:10 PM | IMD
উত্তৰ-পূব মধ্য, পূব আৰু পশ্চিম অঞ্চলৰ বিভিন্ন প্ৰান্তত অহা ৪ দিনত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ