ভাৰতীয় বতৰ বিজ্ঞান বিভাগ আই এম ডিয়ে দক্ষিণ কোংকন উপকূলীয় ঘাট, কৰ্ণাটক, মধ্য মহাৰাষ্ট্ৰ, আৰু গোৱাত প্ৰচণ্ড বৰষুণৰ বাবে ৰেড এলাৰ্ট আৰু অৰেঞ্জ এলার্ট জাৰি কৰিছে। আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা কথা বতৰাত আই এম ডিৰ জ্যেষ্ঠ বিজ্ঞানী ড° আৰ. কে জেনামণিয়ে কয় যে দক্ষিণ কোংকন-গোৱা উপকূলৰ ওচৰত পূব- মধ্য আৰব সাগৰৰ ওপৰত এটা নিম্ন চাপৰ অঞ্চল সৃষ্টি হৈছে আৰু ই অধিক তীব্ৰতৰ হোৱাৰ আশংকা কৰা হৈছে। তেওঁ আৰু কয় যে অহা দুই-তিনি দিনত কেৰালাত মৌচুমী বায়ুৰ প্ৰৱেশৰ বাবে সকলো পৰিস্থিতি অনুকূল হৈ আছে। ইফালে, অহা দুই-তিনি দিনলৈ পশ্চিম ৰাজস্থানত গ্রীষ্মপ্ৰৱাহ অব্যাহত থকাৰ সম্ভাৱনা আছে। অঞ্চলটোত ধূলিৰ ধুমুহা বলিব বুলিও আইএমডিয়ে আগজাননী দিছে। ইফালে আজি দিল্লী NCR অঞ্চলত ধুমুহা আৰু বজ্ৰপাতৰ লগতে মধ্যমীয়া বৰষুণৰ অহাৰ সম্ভাৱনা আছে।
Assamese | May 23, 2025 8:31 PM | IMD
দক্ষিণ কোংকন উপকূলীয় ঘাট, কৰ্ণাটক, মধ্য মহাৰাষ্ট্ৰ, আৰু গোৱাত প্ৰচণ্ড বৰষুণৰ বাবে ৰেড এলাৰ্ট আৰু অৰেঞ্জ এলার্ট জাৰি