আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাৰ নৱম সংস্কৰণৰ উদ্বোধনী খেলত আজি নিউজিলেণ্ডে পাকিস্তানক জয়ৰ বাবে ৩২১ ৰাণৰ লক্ষ্য বান্ধি দিছে। পাকিস্তানৰ কৰাচীত অনুষ্ঠিত খেলখনত নিউজিলেণ্ডে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ৫০ অভাৰত পাঁচটা উইকেটৰ বিনিময়ত ৩২০ ৰাণ কৰে। নিউজিলেণ্ডৰ হৈ উইলিয়াম ইয়ঙে ১০৭ ৰাণৰ বৰঙণি আগবঢ়ায়। টম লাথামে সৰ্বাধিক ১১৮ ৰাণ কৰি আউট নোহোৱাকৈ থাকে। পাকিস্তানৰ নছিম শ্বাহ আৰু হাছি ৰওফে দুটাকৈ উইকেট দখল কৰে। এই প্রতিযোগিতাত বিশ্বৰ শীৰ্ষস্থানৰ ৮ খন দেশে অংশ লৈছে। প্রতিযোগিতাখনৰ গ্ৰুপ-এত ভাৰত, নিউজিলেণ্ড, বাংলাদেশ আৰু আয়োজক পাকিস্তান তথা গ্রুপ-বিত আফগানিস্তান, অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাক ৰখা হৈছে। ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰত কাইলৈ ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত নিজৰ প্ৰথমখন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
Assamese | February 19, 2025 8:20 PM | ICC
আই চি চি চেম্পিয়নছ ট্রফীত পাকিস্তানক জয়ৰ বাবে ৩২১ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ নিউজিলেণ্ডৰ