March 5, 2025 12:18 PM | ICC

printer

আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাত আজি নিউজিলেও দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ

আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাত পাকিস্তানৰ লাহোৰত আজি হ‘বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত নিউজিলেও দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ‘ব। প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা দেওবাৰে খেলোৱা হ‘ব।

আনহেত ডুবাইত অনুষ্ঠিত আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত কালি ভাৰতে অষ্ট্ৰেলিয়াক ৪ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ভাৰতে ২৬৫ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ৪৮ অ’ভাৰ আৰু এটা বলত ছটা উইকেট হেৰুৱাই ২৬৭ ৰান সংগ্রহ কৰে। ভাৰতৰ হৈ বিৰাট কোহলিয়ে সৰ্বাধিক ৮৪ ৰান কৰে। শ্রেয়স আয়াৰে ৪৫ আৰু কে এল ৰাহুলে ৪২ ৰানৰ বৰঙণি আগবঢ়ায়। অষ্ট্ৰেলিয়াৰ নাথান এলিছ আৰু আদম জাম্পাই দুটাকৈ উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ ৪৯ অ’ভাৰ আৰু তিনিটা বলত আটাইকেইটা উইকেট হেৰুৱাই ২৬৪ ৰাণ কৰে। অষ্ট্ৰেলিয়াৰ হৈ অধিনায়ক ষ্টীভ স্মিথে সৰ্বাধিক ৭৩ ৰাণ কৰে। এলেক্স কেৰীয়ে ৬১ ৰাণৰ বৰঙণি আগবঢ়ায়। ভাৰতৰ মহম্মদ শ্বামীয়ে তিনিটা, বৰুণ চক্ৰৱৰ্তী আৰু ৰবীন্দ্র জাদেজাই দুটাকৈ উইকেট লাভ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।