পঞ্চদশ হকী ইণ্ডিয়া চাব জুনিয়ৰ ৰাষ্ট্ৰীয় মহিলা চেম্পিয়নশ্বিপ ২০২৫ আজি ৰাঁচীৰ মাৰাং গম্কে জয়পাল সিং হকী ষ্টেডিয়ামত ঝাৰখণ্ডৰ ক্ৰীড়া মন্ত্ৰী সুবিদ্য কুমাৰে উদ্বোধন কৰে। হকী কৰ্ণাটক আৰু কেৰালা হকীৰ মাজত আজি অনুষ্ঠিত উদ্বোধনী মেচখন হয়। পুল চিৰ আজি পুৱা অনুষ্ঠিত তিনিখন খেলত হকী হিমাচল প্রদেশ দলটোৱে হকী ৰাজস্থানক ৭-০ গলত, হকী অসম দলে হকী গোৱাক ৭–১ গলত পৰাস্ত কৰে। তৃতীয়খন মেচ হকী তেলেংগানা আৰু হকী জম্মু-কাশ্মীৰৰ মাজত ২-২ গলত ড্র হয়। অহা ১৪ জুলাইত সামৰণি পৰিবলগীয়া প্ৰতিযোগিতাখনত মুঠ ২৮ টা দলে অংশগ্রহণ কৰিছে।
Assamese | July 3, 2025 8:31 PM | Hockey
ৰাঁচীত পঞ্চদশ হকী ইণ্ডিয়া চাব জুনিয়ৰ ৰাষ্ট্ৰীয় মহিলা চেম্পিয়নশ্বিপ ২০২৫ উদ্বোধন