গুৱাহাটীৰ ওদালবাক্ৰাত সংঘটিত পথ দুৰ্ঘটনাত ছামিউল হক নামৰ ছাত্ৰজনৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত অভিনেত্রী নন্দিনী কাশ্যপক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আজি পাণবজাৰত অনুষ্ঠিত এখন সংবাদমেলত উপ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাই অভিযুক্ত অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ কথা আনুষ্ঠানিকভাৱে সদৰি কৰে। তেওঁ পথ দুৰ্ঘটনাটোৰ সন্দৰ্ভত দিছপুৰ থানাত ভাৰতীয় ন্যায় সংহিতাৰ ১১৫(২)/১২৫(বি) আৰু ২৮১ ধাৰাত এটা গোচৰ ৰুজু কৰা হৈছিল বুলি জানিবলৈ দিয়ে। এই গোচৰৰ ধাৰাসমূহ জামিনযোগ্য আছিল যদিও পৰৱৰ্তী সময়ত ছাত্ৰগৰাকীৰ মৃত্যুৰ পাছত আদালতৰ অনুমতি সাপেক্ষে ভাৰতীয় ন্যায় সংহিতাৰ জামিনবিহীন ১০৫ নম্বৰ ধাৰাটো গোচৰত সন্নিবিষ্ট কৰা হয়। সেই অনুসৰি অভিনেত্ৰীগৰাকীক আদালতত হাজিৰ কৰোৱা হৈছে। উল্লেখযোগ্য যে ২৫ জুলাইৰ অভিযুক্ত নন্দিনী কাশ্যপৰ গাড়ীৰ খুন্দাত আহত হোৱা নলবাৰী পলিটেকনিকৰ বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগৰ ছাত্ৰ ছামিউল হকৰ কালি সন্ধিয়া এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়।
Assamese | July 30, 2025 8:21 PM | Hit &Run
ছামিউল হকৰ মৃত্যু সন্দৰ্ভত অভিনেত্রী নন্দিনী কাশ্যপক আজি আৰক্ষীৰ গ্ৰেপ্তাৰ