সুগন্ধী পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ স্মৃতি দিৱসত আজি ৰাজ্যবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছে। প্ৰেম আৰু ৰ’দালিৰ কবি হিচাপেও পৰিচিত হীৰুদাৰ সৰল প্ৰকাশেৰে তুলি ধৰা কাব্য সম্ভাৰে দেশপ্রেম, সমাজ সচেতনতা আৰু মানৱতাৰ বিচিত্র অনুভবেৰে সকলোকে মন্ত্রমুগ্ধ কৰি আহিছে। অসমীয়া সাহিত্য জগতৰ উজ্বল নক্ষত্ৰ হীৰুদাৰ ১৩ খন কবিতা পুথি অসমীয়া ভাষাত প্ৰকাশ হোৱাৰ লগতে দুখন বঙালী ভাষালৈ অনূদীত কৰা হৈছে। ১৯৯২ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰা হীৰুদাৰ প্ৰথম কবিতা পুথিৰ সংকলন আছিল মোৰ দেশ মোৰ প্ৰেমৰ কবিতা। সুগন্ধি পখিলা, শইচৰ পথাৰ মানুহ, ভালপোৱাৰ বোকামাটি, কবিতাৰ ৰ’দ আদি কাব্য সংকলনেৰে হীৰুদাই অসমীয়া কাব্য সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই হীৰুদাৰ স্মৃতি দিৱসত শ্ৰদ্ধাঞ্জলি জনাই কয়, যে জীৱনটোক গভীৰভাৱে অনুভৱ কৰি সৃষ্টিৰ বিশাল সাগৰত কবিতাৰ লহৰ তোলা হীৰুদাৰ নাম সকলোৰে হৃদয়ত আজীৱন ৰৈ যাব।
Assamese | July 4, 2025 6:37 PM | hiren bhattacharjee
সুগন্ধী পখিলাৰ কবিক শ্ৰদ্ধাৰে সোঁৱৰণ ৰাজ্যবাসীৰ