উচ্চতম ন্যায়ালয়ে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধনকলৈ নির্বাচন আয়োগৰ ২৪ জুনৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই আজি এলানি আবেদনৰ শুনানী গ্রহণ কৰিব। ন্যায়াধীশ সূর্যকান্ত আৰু জয়মাল্য বাগচিৰ বিচাৰপীঠে ৰাষ্ট্ৰীয় জনতা দল, এ আই এম আই এমকে ধৰি অন্যান্য সকলৰ আবেদনৰ শুনানী গ্ৰহণ কৰিব। নির্বাচন আয়োগে কৈছে যে ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ সময়ত ৭ কোটি ২৪ লাখ ভোটদাতাৰ ৯৯ দশমিক ৫ শতাংশই তেওঁলোকৰ যাৱতীয় তথ্যপাতি দাখিল কৰিছে। উচ্চতম ন্যায়ালয়ে নিৰ্বাচনৰ আয়োগৰ তালিকাৰ পৰা আঁতৰাই দিয়া ভোটদাতাসকলক তেওঁলোকৰ দাবীসমূহ দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। সেই অনুসৰি আজি স্বেচ্ছাসেৱী সংগঠন, ৰাজনৈতিক দলসমূহৰ আবেদনৰ শুনানী গ্রহণ কৰা হ’ব।
Assamese | September 8, 2025 11:45 AM | High Court
বিহাৰত ভোটাৰ তালিকা সন্দৰ্ভত নির্বাচন আয়োগৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই আজি এলানি আবেদনৰ শুনানী গ্রহণ