গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অঞ্জনমণি কলিতা আৰু ৰাজেশ মজুমদাৰ, ন্যায়িক বিষয়া প্ৰাঞ্জল দাস আৰু সঞ্জীৱ কুমাৰ শৰ্মাই আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে শপত গ্রহণ কৰে। মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে উচ্চ ন্যায়ালয়ৰ নতুন ভৱনত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেওঁলোকক শপত গ্ৰহণ কৰোৱায়। শপত গ্রহণ অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যয়ালয়ৰ ন্যায়াধীশসকল, ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱিজৎ শইকীয়া, আৰক্ষী সঞ্চালক প্ৰধান হৰমিৎ সিং, আৰু গুৱাহাটী উচ্চন্যায়ালয়ৰ উকীল সন্থাৰ সভাপতি কমল নয়ন চৌধুৰী উপস্থিত থাকে।
Assamese | July 30, 2025 8:23 PM | High Court
অঞ্জনমণি কলিতা, ৰাজেশ মজুমদাৰ, প্ৰাঞ্জল দাস আৰু সঞ্জীৱ কুমাৰ শৰ্মাৰ আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে শপত গ্রহণ