কেন্দ্রীয় স্বাস্থ্য সচিব অপূর্ব চন্দ্রই আজি নতুন দিল্লীত ভাৰতৰ স্বাস্থ্য আন্তঃগাঁথনি আৰু মানৱ সম্পদ ২০২২-২৩ৰ বাৰ্ষিক প্ৰতিবেদন মুকলি কৰে। এই প্ৰতিবেদনখনে প্রতি বছৰৰ ৩১ মাৰ্চলৈকে দেশৰ স্বাস্থ্য আন্তঃগাঁথনি আৰু মানৱ সম্পদৰ বিস্তৃত তথ্য প্ৰকাশ কৰে। তথ্যসমূহে সমগ্ৰ দেশৰ স্বাস্থ্য আন্তঃগাঁথনিৰ ফলপ্রসূ পৰিকল্পনা, নিৰীক্ষণ আৰু পৰিচালনাৰ বিষয়ে প্ৰকাশ কৰাৰ পৰিপ্ৰেক্ষিতত এই তথ্যসমূহ স্বাস্থ্যখণ্ডৰ অংশীদাৰসকলৰ বাবে গুৰুত্বপূৰ্ণ । প্রতিবেদন মুকলি শ্রী চন্দ্ৰই কয় যে, এইখনেই হৈছে স্বাস্থ্যসেৱাৰ জনশক্তি আৰু আন্তঃগাঁথনিৰ সৈতে জড়িত প্ৰামাণিক আৰু নিৰ্ভৰযোগ্য তথ্য। তেওঁ লগতে কয় যে, ই সমগ্ৰ ৰাজ্যসমূহৰ স্বাস্থ্যকেন্দ্ৰৰ বিশ্লেষণ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বাবে গুৰুত্বপূৰ্ণ। প্রতিবেদন অনুসৰি যোৱা বছৰৰ ৩১ মাৰ্চলৈকে দেশত এক লাখ ৬৯ হাজাৰতকৈও অধিক উপকেন্দ্ৰ, প্ৰায় ৩২ হাজাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, ৬ হাজাৰ ৩৫৯টা সামূহিক স্বাস্থ্যকেন্দ্ৰই গাঁৱৰ লগতে চহৰৰ জনসাধাৰণক স্বাস্থ্য সেৱা প্ৰদান কৰি আহিছে। তদুপৰি এহেজাৰ ৩৪০খন মহকুমা আৰু জিলা চিকিৎসালয়, ৭১৪ খন জিলা চিকিৎসালয় আৰু ৩৭২ খন চিকিৎসা মহাবিদ্যালয় আছে।
Assamese | September 9, 2024 6:03 PM | Health Secretary
নতুন দিল্লীত ভাৰতৰ স্বাস্থ্য আন্তঃগাঁথনি আৰু মানৱ সম্পদ ২০২২-২৩ৰ বাৰ্ষিক প্ৰতিবেদন মুকলি