ৰাজ্যত জাপানীছ এনচেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে স্বাস্থ্য বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। বৰপেটাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডº পৰেশ চন্দ্ৰ কলিতাই প্ৰকাশ কৰা অনুসৰি জিলাখনত ৩৬গৰাকী লোক জাপানীছ এনচেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈছে। ইয়াৰে ১৮ গৰাকী লোক জাপানীচ এনচেফেলাইটিছ পজিধিভ বুলি চিনাক্ত হৈছে। এই ৰোগ প্ৰতিহত কৰিবলৈ স্বাস্থ্য বিভাগে সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে জিলাখনৰ ঠায়ে ঠায়ে ধোৱা দিয়াৰ ব্যৱস্থা কৰিছে। লগতে জ্বৰত আক্ৰান্তৰ তেজৰ নমুনা পৰীক্ষা প্ৰক্ৰিয়াও ত্বৰান্বিত কৰা হৈছে।
Assamese | July 22, 2024 7:32 PM | Health department
ৰাজ্যত জাপানীছ এনচেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধৰ বাবে স্বাস্থ্য বিভাগৰ বিভিন্ন পদক্ষেপ গ্ৰহণ