বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয় ধবজা বহনকাৰী ১০ খন জাহাজ এতিয়াও পাৰচ্য উপসাগৰীয় অঞ্চলত থকা বুলি প্ৰকাশ কৰিছে৷ নতুন দিল্লীত আজি বিয়লি সংবাদ মাধ্যমৰ সৈতে হোৱা কথাবতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে যোৱা ১৭ জুনত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পাছৰে পৰা ভাৰত অভিমুখী এঘাৰ খন জাহাজে হৰমুজ প্রণালী অতিক্ৰম কৰিছে। মন্ত্ৰালয়ে পশ্চিম এছিয়াৰ সৈতে জড়িত ঘটনাক্রম সুক্ষ্মভাৱে নীৰিক্ষণ কৰি আছে বুলি তেওঁ মন্তব্য কৰে ।
কাটাৰৰ বিস্ফোৰণ সন্দৰ্ভত শ্ৰীজয়ছোৱালে কয় যে এই ঘটনাত ১২ গৰাকী ভাৰতীয় নাগৰিকে প্রাণ হেৰুৱাইছে। তেওঁ কয় যে এই ঘটনাত মুঠ ৫৬ জন লোক আহত হৈছে আৰু তেওঁলোক সম্প্রতি চিকিৎসাধীন হৈ আছে। শ্ৰীজয়ছোৱালে কয় যে নতুন দিল্লী মহলে বিস্ফোৰণত নিহত ভাৰতীয়সকলৰ মৃতদেহ স্বদেশলৈ ঘুৰাই অনাৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ বাবে কাটাৰ চৰকাৰৰ সৈতে একেলগে কাম কৰি আছে ৷
পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খাজা আছিফে পাকিস্তান অধিকৃত কাশ্মীৰৰ পৰিস্থিতি সন্দৰ্ভত কৰা মন্তব্য সম্পৰ্কীয় এটা প্ৰশ্নৰ উত্তৰত মুখপাত্র গৰাকীয়ে কয় যে চুবুৰীয়া ৰাষ্ট্ৰখনে নিজৰ ব্যৰ্থতা গাপ দিয়াৰ মানৱ অধিকাৰ হননৰ ঘটনাৰ পৰা মনোযোগ অন্যফালে ঢাল খুওৱাৰ বাবে এনেধৰণৰ মন্তব্য কৰি আহিছে। পাকিস্তানৰ অর্থনৈতিক শোষণ, মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰা আৰু প্ৰশাসনিক দমন নীতিৰ বাবে পাকিস্তান অধিকৃত কাশ্মীৰত প্ৰতিবাদ চলি আছে বুলি তেওঁ স্পষ্ট কৰে।
ব্ৰীকচ্ ৰাষ্ট্ৰগোষ্ঠীৰ সুৰক্ষা উপদেষ্টাসকলৰ বৈঠক সন্দৰ্ভত মত প্রকাশ কৰি শ্ৰীজয়ছোৱালে কয় যে ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভালে বৈঠকত ভাগ লোৱাৰ সুযোগতে ইৰাণ ইথিঅ’পিয়া, চীন, ব্রাজিল আৰু দক্ষিণ কোৰিয়াৰ সুৰক্ষা উপদেষ্টাসকলৰ সৈতে বিভিন্ন বিষয় লৈ আলোচনা কৰে। তেওঁ কয় যে এই বৈঠকত অপৰম্পৰাগত সুৰক্ষা প্ৰত্যাহ্বান দূৰ কৰা আৰু নতুন গোলকীয় ভাবুকিৰ প্ৰতি সমুহীয়া সঁহাৰি ব্যৱস্থা সূদৃঢ়কৰণৰ বিষয়কেইটাই আগস্থান লাভ কৰে।
ভাৰত-সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰ– ইউ এ ইৰ মাজৰ প্ৰতিৰক্ষা সহযোগিতা সম্পৰ্কে মুখপাত্ৰগৰাকীয়ে কয় যে দেশখনৰ সৈতে বিগত কেইটামান বছৰত ভাৰতৰ সম্পৰ্ক ক্ৰমাৎ সূদৃঢ় হৈছে আৰু এই ক্ষেত্ৰত প্রতিযোগিতা সহযোগিতাই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বাংলাদেশত ভগৱানৰ মূৰ্তি আৰু ছবি লণ্ডভণ্ড কৰা বুলি ওলোৱা বাতৰি সম্পৰ্কে সোধা এটা প্ৰশ্নৰ উত্তৰত শ্ৰীজয়ছোৱালে কয় যে বাংলাদেশ চৰকাৰে এই ঘটনাৰ সৈতে জড়িত উগ্রবাদীসকলক নিয়ন্ত্ৰণ কৰিব আৰু দেশখনত বাস কৰা সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ নিৰাপত্তা নিশ্চিত কৰিব বুলি নতুন দিল্লী মহলে আশা কৰে।