June 23, 2026 10:17 PM

views 15

ভাৰতীয় ধ্বজা বহনকাৰী ১০খন জাহাজ এতিয়াও পাৰচ্য উপসাগৰীয় অঞ্চলত থকা বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰকাশ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয় ধবজা বহনকাৰী ১০ খন জাহাজ এতিয়াও পাৰচ্য উপসাগৰীয় অঞ্চলত থকা বুলি প্ৰকাশ কৰিছে৷ নতুন দিল্লীত আজি বিয়লি সংবাদ মাধ্যমৰ সৈতে হোৱা কথাবতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে যোৱা ১৭ জুনত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পাছৰে পৰা ভাৰত অভিমুখী এঘাৰ খন জাহাজে হৰমুজ প্রণালী অতিক্ৰম কৰিছে। মন্ত্ৰালয়ে পশ্চিম এছিয়াৰ সৈতে জড়িত ঘটনাক্রম সুক্ষ্মভাৱে নীৰিক্ষণ কৰি আছে বুলি তেওঁ মন্তব্য কৰে । কাটাৰৰ বিস্ফোৰণ...