২০৫০ চনৰ ভিতৰত বিশ্বজনিন শক্তি চাহিদা ক্ষেত্ৰত ভাৰতৰ অংশ দুগুণলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত শক্তি ব্যৱসায়ত ভাৰতৰ কৌশলগত প্ৰভাৱ প্ৰতিপন্ন হৈছে বুলি পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। তেওঁ কয়, যে ভাৰত বিশ্ব শক্তি বজাৰৰ কেন্দ্ৰস্বৰূপ আৰু বিশ্বৰ মুঠ জনসংখ্যাৰ ১৭ শতাংশৰে তৃতীয় সৰ্ববৃহৎ তেল ব্যৱহ দিয়াটো জৰুৰী বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে । নতুন দিল্লীত চলি থকা ভাৰতীয় শক্তি সপ্তাহ কাৰ্যসূচীৰ অংশ হিচাপে আজি এলানি বৈঠকত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। বৈঠকত সংশ্লিষ্ট পক্ষসমূহে শক্তি সুলভ কৰি তোলাৰ বাবে শক্তি মজুতকৰণ আৰু স্মাৰ্ট গ্রীডকে ধৰি আন্তঃগাথনিত বিনিয়োগৰ আৱশ্যকতাৰ বিষয়ে আলোচনা কৰে।
Assamese | February 12, 2025 8:40 PM | Hardip singh
নতুন দিল্লীত ভাৰতীয় শক্তি সপ্তাহ কাৰ্যসূচীত হৰদীপ সিং পুৰীৰ অংশগ্ৰহণ