অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যত শীতৰ প্ৰকোপ পৰিলক্ষিত হৈছে। কাইলৈৰ পৰা ৰাজ্যত পুহ মাহ আৰম্ভ হ’ব। সেয়েহে গুৱাহাটীত কালি তাপমাত্রা ১২ ডিগ্রী চেলছিয়াছলৈ নিম্নগামী হয়। অহা কেইদিনত এই তাপমান আৰু হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। এই সময়ছোৱাত ৰাজ্যৰ ঠাই বিশেষে পুৱা আৰু নিশাৰ ভাগত ডাঠ কুঁৱলী পৰাৰো সম্ভাৱনা আছে। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল ২৬ ডিগ্রী চেলছিয়াছ। আজি গুৱাহাটীৰ তাপমাত্ৰা সর্বোচ্চ ২৬ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ১২ ডিগ্ৰী চেলছিয়াছ হ’ব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে ডাঠ কুঁৱলী পৰাৰো সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে।
Assamese | December 16, 2024 12:36 PM | Guwahati Weather
গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ অহা ২৪ ঘণ্টাত আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব, পুৱা-নিশা ডাঠ কুঁৱলীৰ সম্ভাৱনা