June 14, 2024 12:32 PM | Guwahati University

printer

অহা ৯ পৰা ১১ জুলাইলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ নামভৰ্তি প্ৰৱেশ পৰীক্ষা

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ নামভৰ্তি প্ৰৱেশ পৰীক্ষা অহা ৯ জুলাইৰ পৰা ১১ জুলাইলৈ অনুষ্ঠিত কৰা হ’ব। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মুঠ ১০টা পৰীক্ষা কেন্দ্ৰত এই প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হ’ব। বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তিৰ বাবে ইচ্ছ্যুক শিক্ষাৰ্থীসকলে এই পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ অনলাইন যোগে আবেদন কৰিব লাগিব। বিশ্ববিদ্যালয়খনৰ শ্ৰেণীসমূহৰ সচিবে জাৰি কৰা জাননী অনুসৰি অহা ১৫ জুনৰ পৰা অনলাইন প’ৰ্টেল যোগে আবেদনৰ প-পত্ৰ পূৰ্ণৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। অহা ২৫ জুনৰ মাজনিশা এই প-পত্ৰ পূৰণৰ প্ৰক্ৰিয়াৰ অন্ত পৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।