গুজৰাটত আজিৰে পৰা বিশ্ব আৰ্চাৰী পেৰা শৃংখল ২০২৬ অনুষ্ঠিত হ’ব। এই শৃংখলত ১৯ খন দেশৰ ১০৫ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে ভাৰতত প্ৰথমবাৰৰ বাবে বিশ্ব আৰ্চাৰী পেৰা শৃংখল অনুষ্ঠিত হৈছে। আহমেদাবাদৰ সাবৰমতি ৰিভাৰ ফ্ৰণ্টত অনুষ্ঠিত এই শৃংখলৰ তৃতীয় পৰ্যায় ৯ ছেপ্তেম্বৰত সামৰণি পৰিব ।
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে যোৱা সন্ধিয়া ভার্চুৱেলি এই শৃংখল উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ দি শ্রী শ্বাহে কয়, যে ভাৰত বৰ্তমান বিশ্ব ক্রীড়াৰ কেন্দ্ৰ হোৱাৰ দিশে আগবাঢ়িছে। তেওঁ কয়, যে অনাগত সময়ত দেশখনে ক্রীড়াৰ এক প্ৰধান কেন্দ্ৰ হিচাপে আত্মপ্রকাশ কৰিব।
তেওঁ কয়, যে ভাৰত ক্রীড়া প্রশিক্ষণ, ক্রীড়াৰ সুবিধা আৰু সঁজুলি উৎপাদনৰ কেন্দ্ৰও হ’ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে চৰকাৰৰ লক্ষ্য কেৱল পদক প্রাপ্তিতে সীমাবদ্ধ নহয়, বৰং অলিম্পিক, এছিয়ান গেমছ, কমনৱেলথ গেমছ, পুলিচ গেমছ আৰু অন্যান্য প্ৰতিযোগিতাসমূহত প্রদর্শিত সকলো ক্রীড়া আৰু ইয়াৰ আন্তঃগাঁথনি শক্তিশালী কৰি তোলা। এই শৃংখলত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বাবে ভূটান, যুক্তৰাজ্য চীন, বাংলাদেশ, ফ্রান্স, জার্মানী, ইণ্ডোনেছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি মুঠ ১৯ খন দেশৰ ভালেসংখ্যক খেলুৱৈ আহিছে। তেওঁ লগতে কয়, যে ২০৩০ চনৰ কমনৱেলছ গেমছৰ শতবৰ্ষ সংস্কৰণ অনুষ্ঠিত হ’ব। তেওঁ কয়, যে শতবৰ্ষৰ এই সংস্কৰণ আহমেদাবাদে অনুষ্ঠিত কৰিব আৰু এই কথাই তেওঁক বিশেষভাৱে গৌৰৱান্বিত কৰিছে।