গোলাঘাট জিলাৰ জিলা আয়ুক্তৰ সভাগৃহত কালি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত জিলাখনত ৰেচন কাৰ্ডৰ প্ৰ-পত্ৰ সংগ্ৰহ আৰু ডিজিটাইজেশ্বন সম্পর্কে এখন পর্যালোচনা সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ সভাপতিত্বত হোৱা পৰ্যালোচনা সভাত জিলাখনৰ প্ৰতেক্যটো বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰ-পত্ৰ সংগ্ৰহৰ খতিয়ান লোৱাৰ লগতে প্ৰ-পত্ৰসমূহৰ ডিজিটাইজেশ্বন আৰু পৰীক্ষণ সম্পর্কে বিতংকৈ আলোচনা কৰা হয়। জিলা আয়ুক্তগৰাকী চক্র বিষয়া, খণ্ড উন্নয়ন বিষয়া আৰু খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়াসকলক পৰিকল্পনা আৰু প্ৰয়োজনীয় ব্যৱস্থাৰে নিৰ্ধাৰিত সময়ৰ ভিতৰত সকলো কাম শেষ কৰিবলৈ নিৰ্দেশ দিয়ে।
Assamese | October 8, 2024 11:35 AM | Golaghat
গোলাঘাটত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত পর্যালোচনা সভা অনুষ্ঠিত