গোলাঘাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত আজি জিলা উন্নয়ন সমিতিৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সকলো চৰকাৰী বিভাগৰ উন্নয়নমূলক কাম-কাজৰ পুংখানুপুংখ খতিয়ান লোৱা হয়। সভাত জিলা আয়ুক্তই জিলাখনৰ সামগ্রিক উন্নয়ন আৰু সূচক মানসমূহৰ স্থান ঊর্ধগামী কৰাৰ উদ্দেশ্যে সকলো বিভাগীয় কর্তৃপক্ষকে চৰকাৰৰ নিৰ্ধাৰিত সময়সূচী অনুসৰি কাম কৰিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি জনসাধাৰণক যাতে চৰকাৰৰ সেৱাসমূহ ক্ষীপ্ৰভাৱে প্ৰদান কৰিব পাৰি তাৰ প্ৰতি বিশেষ লক্ষ্য ৰাখিবলৈ আহ্বান জনায়। সভাত জিলা উন্নয়ন আয়ুক্ত, বোকাখাত, সৰুপথাৰ, দেৰগাঁৱৰ সমজিলা আয়ুক্তসকল, বিভাগীয় মুৰববী বিষয়াৰ লগতে জিলা প্ৰশাসনৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে।
Assamese | October 15, 2024 7:27 PM | Golaghat
গোলাঘাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত জিলা উন্নয়ন সমিতিৰ পৰ্যালোচনা সভা অনুষ্ঠিত