পঞ্চায়তীৰাজ মন্ত্ৰ্যালয়ে আজি নতুন দিল্লীত আদর্শ মহিলা অনুকুল গাঁও পঞ্চায়ত মুকলি কৰে। মন্ত্ৰ্যালয়ে এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ সৈতে সংগতি ৰাখি এই পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ লক্ষ্য হৈছে প্ৰতিখন জিলাতে কমেও এখনকৈ আদর্শ মহিলা অনুকুল গাঁও পঞ্চায়ত স্থাপন কৰা। ইয়াৰ জৰিয়তে লিংগ সংবেদনশীল আৰু কিশোৰী অনুকুল শাসন ব্যৱস্থা গঢ়ি তোলাৰ প্ৰয়াস কৰা হ‘ব। অনুষ্ঠানত পঞ্চায়তী ৰাজ বিভাগৰ ৰাজ্য মন্ত্ৰী প্ৰফেছৰ এছ পি সিং বাঘেল, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্য মন্ত্ৰী অনুপ্রিয়া পেটেলকে ধৰি বিভিন্ন মন্ত্ৰ্যালয়, বিভাগ আৰু ৰাষ্ট্ৰসংঘৰ জনসংখ্যা নিধিৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংস্থাই ভাগ ল‘ব।
Assamese | March 5, 2025 12:31 PM | Gaon panchyat
নতুন দিল্লীত আজি আদর্শ মহিলা অনুকুল গাঁও পঞ্চায়ত মুকলি