গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ ২২ সংখ্যক মৃত্যুবার্ষিকী আজি বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হৈছে। ৰাজ্যখনৰ সাংস্কৃতিক ক্ষেত্ৰখনক চহকী কৰা পদ্মশ্ৰী সন্মানেৰে বিভূষিত শিল্পীগৰাকীৰ সোঁৱৰণত সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবছৰৰ দৰে এইবাৰো গুৱাহাটীৰ চানমাৰিৰ ছহিদ উদ্যানত বিশেষ শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত ছাত্ৰ সংগঠনটোৱে প্ৰয়াত শিল্পীগৰাকীৰ প্রতিমূর্তিত শ্রদ্ধাঞ্জলি তর্পণ কৰাৰ লগতে লোক সংস্কৃতিৰ একনিষ্ঠ সাধক দুৰ্গেশ্বৰ সোণোৱালক চলিত বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা প্ৰদান কৰিব। উল্লেখযোগ্য যে সোণোৱাল কছাৰী লোকসংস্কৃতিৰ চৰ্চাৰে অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে লোকশিল্পীগৰাকীক এই বঁটাৰ বাবে বাছনি কৰা হৈছে।
Assamese | December 27, 2024 11:20 AM | goalpara pratima baruah
গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি ২২সংখ্যক মৃত্যুবার্ষিকী