কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে দেশৰ জনজাতীয় লোকসকলৰ জীৱন-ধাৰণৰ সামগ্রিক মান উন্নত কৰাৰ বাবে আৰম্ভ কৰা আদি কৰ্মযোগী অভিযান সন্দৰ্ভত আজি গোৱালপাৰা জিলা প্ৰশাসনে এখন সভা অনুষ্ঠিত কৰে। জিলা উন্নয়ন আয়ুক্ত ৰঞ্জিত কোঁৱৰৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত এই অভিযানে সামৰি লোৱা এলেকাসমূহত কেনেধৰণৰ উন্নয়নমূলক কাৰ্য্য কৰা হ’ব, সেই বিষয়ে আলোচনা কৰা হয়। এই অভিযানক জিলাখনৰ তৃণমূল পৰ্য্যায়লৈ লৈ যোৱাৰ বাবে মুখ্য প্ৰশিক্ষকসকলৰ প্ৰশিক্ষণ ইতিমধ্যে সম্পন্ন হৈছে। অহা ৮, ৯ আৰু ১০ ছেপ্তেম্বৰত জিলাখনৰ ছটা উন্নয়ন খণ্ডৰ ৩০ গৰাকী প্ৰশিক্ষকক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। উল্লেখযোগ্য যে, এই অভিযানৰ অধীনত দেশৰ অন্যান্য জিলাৰ লগতে গোৱালপাৰা জিলাৰ জনজাতীয় এলেকাত শিক্ষা, স্বাস্থ্য, পথ যোগাযোগ, পানী যোগান, বিত্তীয় লেন-দেন আদি উন্নীতকৰণত সহায় কৰা হ’ব ।
Assamese | September 6, 2025 10:03 PM | Goalpara
গোৱালপাৰাত ‘আদি কৰ্মযোগী’ অভিযান