গোৱালপাৰা জিলাক নিচামুক্ত জিলা হিচাপে গঢ় দিয়াৰ বাবে আজি জিলা প্রশাসনে ফাৰ্মাচীসমূহৰ স্বত্তাধিকাৰীসকলৰ মাজত এখন সভা অনুষ্ঠিত কৰে। সভাত জিলা আয়ুক্ত প্রদীপ টিমুং উপস্থিত থাকি সমাজখনক নিচামুক্ত কৰাৰ ক্ষেত্ৰত ফাৰ্মাচী স্বত্তাধিকাৰীসকলৰ ভূমিকা গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে। তেওঁ ঔষধ বিক্রেতাসকলক যথেষ্ট সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়ে। আয়ুক্তগৰাকীয়ে ফাৰ্মাচীসমূহত চি চি টি ভি সংলগ্ন কৰাৰ উপৰিও ফাৰ্মাচীৰ কৰ্মচাৰীসকলক এপ্রন পৰিধান কৰাৰ বাবে নির্দেশ দিয়ে। সজাগতা সভাখনত জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকো উপস্থিত থাকে।
Assamese | October 17, 2025 7:35 PM | Goalpara
গোৱালপাৰাত ফাৰ্মাচীসমূহৰ স্বত্তাধিকাৰীসকলৰ মাজত সভা অনুষ্ঠিত