মীন, পশুপালন আৰু সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী জৰ্জ কুৰিয়ানে আজি গোৱালপাৰা জিলা পৰিভ্ৰমণ কৰি ভালেমান কাৰ্যসূচীত অংশ লয়। শ্রীকুৰিয়ানে জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পর্যালোচনা সভাত অংশ লৈ বিভিন্ন বিভাগত ৰূপায়ণ হৈ থকা উন্নয়নমূলক কাম-কাজৰ খতিয়ান লয়। ইয়াৰ পাছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰত বিভিন্ন প্ৰকাৰৰ মৎস্য উৎপাদন আৰু প্ৰতিপালন প্রকল্প পৰ্যবেক্ষণ কৰে। তেওঁ লগতে সেই স্থানতে উন্নতজাতৰ ছাগলী আৰু বিভিন্ন প্ৰজাতিৰ কুকুৰাৰ ফার্মসমূহো পর্যবেক্ষণ কৰে। মন্ত্ৰীগৰাকীয়ে গোৱালপাৰা জিলাৰ অসমী গ্রাম্য বিপণীত আত্মসহায়ক গোটৰ মহিলাসকলে প্ৰস্তুত কৰা সাজপাৰ আৰু খাদ্য-সামগ্ৰী প্ৰত্যক্ষ কৰি সন্তুষ্টি প্ৰকাশ কৰে। শ্ৰীকুৰিয়ানে ছামাগুৰিত জলজীৱন অভিযানৰ অধীনত ৰূপায়ণ হোৱা খোৱাপানী যোগান আঁচনি পৰিদৰ্শন কৰাৰ লগতে উপদ বিলৰ নান্দনিক সৌন্দর্য উপভোগ কৰে ।
Assamese | April 21, 2025 6:34 PM | Goalpara
জৰ্জ কুৰিয়ানৰ আজি গোৱালপাৰা জিলা পৰিভ্ৰমণ