গোৱালপাৰা জিলাত মাতৃ আৰু শিশুৰ উন্নত চিকিৎসাৰ বাবে ১০০ খন বিছনাযুক্ত জননী শিশু চিকিৎসালয় স্থাপন কৰা হ‘ব বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী অশোক সিংহলে ঘোষণা কৰিছে। স্বাস্থ্য বিভাগৰ দায়িত্ব লাভ কৰাৰ পাছত মন্ত্ৰীগৰাকীয়ে আজি প্ৰথমবাৰৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়খন পৰিদৰ্শন কৰে। তেওঁ চিকিৎসালয়খনৰ চিকিৎসক সকলৰ সৈতেও বিভিন্ন অভাৱ-অভিযোগ সম্পৰ্কত আলোচনা কৰে। চিকিৎসা সেৱা এক পৱিত্ৰ সেৱা বুলি উল্লেখ কৰি মন্ত্ৰী সিংহলে চিকিৎসক সকলক এই কথা অনুধাৱন কৰি সেৱা আগবঢ়াই যাবলৈ আহ্বান জনায়। গোৱালপাৰা অসামৰিক চিকিৎসালয়ত শীঘ্ৰেই কৰ্কট ৰোগৰ চিকিৎসাৰ সুবিধা মুকলি কৰা হ‘ব বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত সদৰি কৰে।
Assamese | December 17, 2024 7:09 PM | Goalpara
গোৱালপাৰাত ১০০ খন বিছনাযুক্ত জননী শিশু চিকিৎসালয় স্থাপন কৰা হ’ব বুলি অশোক সিংহলৰ ঘোষণা